Show/Hide Keyboard Layout

আজি জীৱন বুটলিবি

- ভূপেন হাজৰিকা

আজি জীৱন বুটলিবি, হাঁহি হাঁহি আহ্‌

আজি মৰণ পাহৰিবি, হাঁহি হাঁহি আহ্‌

বাঁহীটি লৈ আহ্‌, আৰু হাঁহিটি লৈ আহ্‌

আজি যুগৰ নতুন দিগন্তলৈ, ওলাই ওলাই আহ্‌ ।

 

মনৰ চৰাইটিক আৰু কিমান বান্ধিবি

কালৰ এলান্ধু চাই কিমান কান্দিবি

আজি বন্ধ সজাৰ দুৱাৰ ভাঙি নাহনে ওলাই

আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌ ।

 

(আজি) সময় ধাৰাপাতত দেখোন নাই বিয়োগৰ ঘৰ

জীৱন-পথাৰ নদন-বদন মুক্ত মানুহৰ

কিমান নিদি কিমান পালি কিমান গণিবি

ৰাহিখিনি পূৰণ কৰি কিমান সাঁচিবি

আজি যিমান পালি সিমান কিয় নিদিয় বিলাই ।

 

আজি ত্যাগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌

আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌

আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌ ।।

Hits: 2214